BJP Assam Pradesh Kisan Morcha : চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আছিল; কৃষক মৰ্চা

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:08 PM IST

thumbnail

ধেমাজি, 30 আগষ্ট : বিজেপি চৰকাৰৰ দিনত নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি  হোৱা নাই ৷ তৈল পাম খেতিৰ সম্পৰ্কত চৰকাৰে সিদ্ধান্ত লব ৷ এই মন্তব্য ৰাজ্যিক কৃষক মৰ্চাৰ ৷  

আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা কৃষক মৰ্চাৰ ৷ বুধবাৰে ধেমাজি জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক কৃষক মৰ্চাৰ শীৰ্ষ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা ৷ সভাৰ অন্তত কেইবাটাও বিষয়ৰ ওপৰ মন্তব্য আগবঢ়ালে কৃষক মৰ্চাৰ কেন্দ্ৰীয় নেতৃত্বই ৷  

বানপীড়িত অঞ্চলৰ কৃষকে চৰকাৰী সুবিধা লাভ কৰাৰ বাবে মৰ্চাই ব্যবস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে নেতৃত্বই ৷ লগতে বিতৰ্কিত তৈল পাম খেতিৰ ওপৰত চৰকাৰে সিদ্ধান্ত বুলিও কয় তেওঁলোকে ৷  

ইফালে বিজেপি চৰকাৰৰ দিনত নিযুক্তিৰ ক্ষেত্ৰত কোনো দুৰ্নীতি হোৱা নাই বুলি কয় মৰ্চাৰ নেতৃত্বই ৷ চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও কাৰ্যকৰ্তা আৰু ৰাইজক দুৰ্নিতী-ভ্ৰষ্ট্ৰাচাৰ অথবা বেয়া কাম কৰিবলৈ উৎসাহিত কৰা নাই, সুবিধা দিয়া নাই বুলি কয় তেওঁলোকে ৷ গতিকে চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছভাৱে কৰিছে বুলি কয় নেতৃত্বই ৷ ইফালে বিজেপিৰ সংবিধানত ন-পুৰণিৰ কোনো কথা নাই বুলিও মন্তব্য কৰে তেওঁলোকে ৷ 

লগতে পঢ়ক : Maligaon Flyover : দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি মুকলি হ’ব মালিগাঁও উৰণ সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.