CBI interrogates SP Leena Doley : SP লীনা দলেক দীৰ্ঘ সময় জেৰা CBI ৰ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 2:27 PM IST

thumbnail

নগাঁও, 7 অক্টোবৰ : অৱশেষত চিবিআইৰ দীঘলীয়া জেৰাৰ সন্মুখীন হ’ল নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে । আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত নাম সাঙোৰ খোৱাৰ পিচতেই নগাঁৱৰ পৰা হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছিল আৰক্ষী অধীক্ষক লীনা দলেক ।

আনকি প্ৰয়াত জোনমণি ৰাভাৰ মাতৃয়েও আৰক্ষী থানাত দাখিল কৰা এজাহাৰত উল্লেখ আছিল আৰক্ষী অধীক্ষক লীনা দলেৰ নাম । ইমানৰ পিচতো আৰক্ষী অধীক্ষক লীনা দলেক বিগত সময়ত জেৰা নকৰাক লৈ বিভিন্ন জনৰ মাজত সৃষ্টি হৈছিল তীব্ৰ অসন্তুষ্টিৰ । এই বিষয়টো বিভিন্ন মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে শনিবাৰে চিবিআইৰ দলে নগাঁও আৱৰ্ত ভৱনত তলব কৰিছে বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেক ।

শনিবাৰে পুৱাৰ ভাগতে নগাঁৱত উপস্থিত হয় হাইলাকান্দিৰ আৰক্ষী অধীক্ষকগৰাকী ৷ তাৰ পাচতে এক দীঘলীয়া সময় ধৰি চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব লগা হয় নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে ।

লগতে পঢ়ক : SP Leena Doley in Nagaon : নগাঁও আৱৰ্ত ভৱনত উপস্থিত SP লীনা দলে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.