মুক্তি পালে উদীয়মান গায়িকা অৰুন্ধতী গগৈৰ কণ্ঠৰ প্ৰথমটি গীত - Song release program
🎬 Watch Now: Feature Video
Published : Nov 17, 2023, 1:13 PM IST
সৰুপথাৰ, ১৭ নৱেম্বৰ: দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ কণ্ঠত নিগৰিল সুমধুৰ গীত । মুক্তি লাভ কৰিলে ধনশিৰি মহকুমাৰ টেঙানি অঞ্চলৰ পুতুল গগৈ আৰু মামু ঘৰফলীয়া গগৈৰ কন্যা অৰুন্ধতী গগৈয়ে কণ্ঠদান কৰা 'এধানি হিয়াতে' শীৰ্ষক গীতটিয়ে । ২০১৬ চনৰ পৰা সংগীতৰ লগত জড়িত হৈ বহুতো ঘাত-প্ৰতিঘাত আৰু আৰ্থিক অনাটনৰ মাজেৰে পঢ়া-শুনাৰ লগতে গীত গোৱাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে বৰপথাৰ শংকৰদেৱ শিশু নিকেতনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী অৰুন্ধতী ।
অৰুন্ধতীৰ সপোন আছিল এটি নিজে কণ্ঠদান কৰা গীত মুক্তি দিয়াৰ । অৱশেষত যুৱতীগৰাকীৰ সপোন পুৰণ হ'ল । কিছুদিনৰ পূৰ্বে গুৱাহাটীৰ ড্ৰীমছ ষ্টুডিঅ'ত এ জি প্ৰডাকচনৰ অধীনত অপূৰ্ব জানৰ কথা আৰু সুৰেৰে অৰুন্ধতীয়ে প্ৰথমবাৰৰ বাবে নিজে কণ্ঠদান কৰি 'এধানি হিয়াতে' শীৰ্ষক এটি গীত বাণীবদ্ধ কৰে । গীতটি বুধবাৰে নিশা টেঙানিৰ ৰঙাগড়া অঞ্চলত দুদিনীয়াকৈ অনুষ্ঠিত হৈ থকা শিশু দিৱসৰ মঞ্চত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয় । অৰুন্ধতীয়ে গীতটো মুক্তিৰ পূৰ্বে সকলো ৰাইজৰে আশীৰ্বাদ বিচাৰি আৰু জীৱনৰ প্ৰথম গীতটি আঁকোৱালি লবলৈ ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনায় । ৰাইজৰ মৰম আৰু সহাৰি পালে নিশ্চয় অৰুন্ধতীয়ে এদিন সু-গায়িকা হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি পৰিয়ালৰ আশা ।
লগতে পঢ়ক: পথৰ কাষত যুৱতীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, দলবদ্ধ ধৰ্ষণৰ সন্দেহ