Protest against Smriti Irani: জোনাইত স্মৃতি ইৰাণীৰ পুত্তলিকা দাহ কংগ্ৰেছৰ - APCC protest against Smriti Irani
🎬 Watch Now: Feature Video
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত আছে (Congress protest against price hike)। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰদেশ কংগ্ৰেছে প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইফালে শেহতীয়াকৈ ছোনিয়া গান্ধীক EDয়ে চমন জাৰি কৰা আৰু স্মৃতি ইৰাণীয়ে কংগ্ৰেছৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাক লৈও ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ দল । শুকুৰবাৰে অসমৰ ভিন্ন প্ৰান্তত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে (APCC protest against Smriti Irani)। ধেমাজি জিলাৰ জোনাইতো দেখা গৈছে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । মূৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ আৰু মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কৰ্মীয়ে জোনাইৰ ৰাংকপ তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Congress protest at Jonai)। স্মৃতি ইৰাণীৰ পুত্তলিকা দাহ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে কংগ্ৰেছ কৰ্মীসকল । পুলিচৰাজ বন্ধ কৰা, বিজেপি গ’ বেক, স্মৃতি ইৰাণী হায় হায় আদি নানান চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:25 PM IST