SMDC of monakosha m e madrasa:মাদ্ৰাছাৰ পৰিচালনা সমিতি নীতি বহিৰ্ভূতভাৱে গঠন কৰাৰ অভিযোগ - মোনাকোষা এম ই মাদ্ৰাছা
🎬 Watch Now: Feature Video
Published : Oct 7, 2023, 8:12 AM IST
বঙাইগাঁও, 7 অক্টোবৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মোনাকোষা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ইউনুছ আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰধান শিক্ষকজনে নীতি বহিৰ্ভূতভাৱে বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে । অভিযোগ মতে যোৱা ৩০ ছেপ্টেম্বৰ তাৰিখে বিদ্যালয়খনত সাধাৰণ সভাৰ জৰিয়তে পৰিচালনা সমিতি গঠন কৰে যদিও সাধাৰণ সভাখনত গৰিষ্ঠসংখ্যক অভিভাৱক উপস্থিত নাছিল ।
প্ৰধান শিক্ষকে অভিভাৱক সকলক সাধাৰণ সভালৈ আমন্ত্ৰণ নজনোৱাকৈ সভা আহ্বান কৰি মাত্ৰ ৩৫/৪০ জন অভিভাৱকৰ উপস্থিতিত সাধাৰণ সভা অনুষ্ঠিত কৰি সমিতি গঠন কৰাৰ অভিযোগ উঠিছে । প্ৰধান শিক্ষক ইউনুছ আলীয়ে একেৰাহে চাৰিবাৰকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে ৰস্তম আলীক নিৰ্বাচিত কৰিছে বুলি উল্লেখ কৰে অভিভাৱক সকলে ৷
ইফালে স্থানীয় ৰাইজ তথা অভিভাৱক সকলৰ অভিযোগ নস্যাৎ কৰে প্ৰধান শিক্ষকজনে । অভিভাৱক সকলক চিঠিৰ জৰিয়তে সাধাৰণ সভাত আমন্ত্ৰণ জনোৱা হৈছিল যদিও কিছু সংখ্যক অভিভাৱক সভাত উপস্থিত নাছিল বুলি উল্লেখ কৰে প্ৰধান শিক্ষকজনে । ফলত যিসকল অভিভাৱক সাধাৰণ সভাত উপস্থিত আছিল তেওঁলোকৰ সমৰ্থন মৰ্মে সমিতিখন গঠন কৰা হয় বুলি উল্লেখ কৰে প্ৰধান শিক্ষকজনে ।
লগতে পঢ়ক : Income Tax department raid : বঙাইগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান