thumbnail

Congress Protest in Sivasagar: শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jun 12, 2023, 5:49 PM IST

শিৱসাগৰ, 12 জুন: শিৱসাগৰত জিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ শিৱসাগৰত জিলা কংগ্ৰেছৰ ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে সোমবাৰে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিয়ে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দল সমূহক নিজৰ নিজৰ দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিবলৈ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মঞ্জিৰ গগৈৰ নেতৃত্বত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয় লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে প্ৰতিবাদকাৰী সকলে ৷  

প্ৰতিবাদত অংশগ্ৰহণ কৰা কংগ্ৰেছ দলৰ কৰ্মী সকলে বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে জিলা কংগ্ৰেছ কমিটিয়ে শিৱসাগৰ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী লৈ এই সন্দৰ্ভত প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ ৷

লগতে পঢ়ক: Congress Protest in Tezpur: পঞ্চায়ত নিৰ্বাচন; তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.