Self Relient Women : ধূপকাঠি উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন একাংশ মহিলাৰ - আত্মসহায়ক গোট
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2023/640-480-19700075-thumbnail-16x9-goo.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 6, 2023, 8:40 PM IST
সৰুপথাৰ, 6 অক্টোবৰ : ধূপকাঠি উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন সখী আত্মসহায়ক গোটৰ ৷ ধনশিৰি মহকুমাৰ টেঙাহোলা পঞ্চায়তৰ অন্তৰ্গত ৰাচিং গ্ৰাম্য সংগঠনৰ অন্তৰ্গত সখী আত্মসহায়ক গোটৰ উদ্যোগত ধূপকাঠি উৎপাদন কৰা ক্ষুদ্ৰ উদ্যোগ গঢ়ি অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে আনৰ বাবেও আদৰ্শ হৈ পৰিছে মৰাণ গাৱঁৰ ১১ গৰাকীকৈ মহিলা ৷
ধূপকাঠি উৎপাদনেৰে মহকুমাটোৰ দোকানসমূহৰ লগতে ঘৰে ঘৰে গৈ বিক্ৰী কৰিছে বুলি জানিবলৈ দিয়ে মহিলা সকলে ৷ এই ক্ষেত্ৰত তেওঁলোকে ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে বুলিও জানিবলৈ দিয়ে ৷ ৰাইজৰ সঁহাৰিয়ে তেওঁলোকৰ কাম কৰাৰ উৎসাহ বৃদ্ধি কৰিছে বুলি জানিবলৈ দিয়ে ৷ তেওঁলোকৰ এই পদক্ষেপে অসমৰ আন মহিলা বা নিবনুৱাসকলক যাতে উৎসাহিত কৰে তাৰ বাবেও এক বাৰ্তা প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : Tree Pension Scheme: গছৰ বাবে প্ৰাণ বায়ু দেৱতা পেন্সন আঁচনি