Protest Against NHAI: বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথক লৈ ৰহাত ক্ষোভ জাতীয় সংগঠনৰ - AJYCP Protest against NHAI in Raha
🎬 Watch Now: Feature Video
ৰহা, 6 এপ্ৰিল: ৰহাত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথক লৈ NHAI ৰ বিৰুদ্ধে ক্ষোভ ৰহা আছু, এজেৱাইছিপি আৰু তিৱা ছাত্ৰ সন্থাৰ ৷ ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ৰহা আছু, এজেৱাইছিপি আৰু তিৱা ছাত্ৰ সন্থাৰ(Protest Against NHAI) ৷
ৰহাত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত ঠিকাদাৰৰ মইমতালি ৷ কোনো পৰিকল্পনা নোহোৱাকৈ বিকল্প হিচাপে সাধাৰণ উপপথ নিৰ্মাণ কৰি DBL নামৰ ঠিকাদাৰ কোম্পানীটোৱে আৰম্ভ কৰিছে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম ৷ কিন্তু এজাক বৰষুণতে উপপথটো একাঠু বোকা হৈ পৰিছে আৰু যান-বাহন চলাচলত তীব্ৰ সমস্যাৰ সৃষ্টি হোৱাৰ লগতে জীয়াতু ভুগিছে সাধাৰণ জনতাই (Several Organization Hold Protest Against NHAI at Raha) ৷
চকুৰ সন্মুখতে উপপথটো সম্পূৰ্ণ বিধ্বস্ত হোৱা দেখিও চকুমুদা কুলিৰ ভাও ধৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু প্ৰশাসনে ৷ প্ৰশাসনৰ এনে স্থিতিত ক্ষুন্ন হৈ পৰিছে ৰহাৰ বিভিন্ন দল-সংগঠন (Protest Against NHAI in Raha) ৷ বুধবাৰে বিয়লি ৰহা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱৰোধৰ ফলত প্ৰায় আধা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথচোৱাত যাতায়াত ব্যাহত হৈ পৰে (Protest Against NHAI at Raha in Nagaon) ৷
পৰৱৰ্তী সময়ত প্ৰশাসনৰ লোক প্ৰতিবাদস্থলীত উপস্থিত হোৱাত শীঘ্ৰে পথ সুচল কৰাৰ দাবী তোলে সংগঠনকেইটাই ৷ প্ৰশাসনে বুধবাৰৰ ভিতৰতে উপপথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়াত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে সংগঠনকেইটাই (AASU Protest against NHAI in Raha) ৷ এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে পুনৰ ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠন কেইটাই (AJYCP Protest against NHAI in Raha) ৷