Mahapalam held in Teok: আজিৰে পৰা একশৰণ ভাগৱতী সমাজৰ প্ৰাদেশিক অধিৱেশন - একশৰণ ভাগৱতী সমাজৰ প্ৰাদেশিক অধিৱেশন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17593116-320-17593116-1674800162311.jpg)
টীয়ক,২৭ জানুৱাৰী: আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে মেলেং মেটেলিস্থিত ইলাৰাম দাস বাপঈশ্বৰ ক্ষেত্ৰত একশৰণ ভাগৱতী সমাজৰ সোণালী জয়ন্তী বৰ্ষৰ(Golden Jubilee Year of Ekasharan Bhagwati Samaj) প্ৰাদেশিক অধিৱেশন আৰু মহাপালনাম অনুষ্ঠিত কৰা হৈছে(Session and Mahapalnam of Ek Sharana Bhagwati Samaj) । এই উপলক্ষে শুকুৰবাৰে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে মূল ধৰ্মধজ্জা উত্তোলন কৰে এক শৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধিয়ে(Mahapalnam held in Teok) ।
তাৰ সমান্তৰালকৈ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পঞ্চাশখনকৈ ধৰ্মীয় পতাকা উত্তোলন কৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে । ইপিনে গায়ন বায়ন, আয়তিৰ উৰুলি মংগলাচৰণ ধ্বনিৰে সমগ্ৰ পৰিবেশ হৰি নামে মুখৰিত হৈ পৰিছে মেলেং মেটেলিস্থিত ইলাৰাম দাস বাপঈশ্বৰ ক্ষেত্ৰ । আজিৰ দিনটোৰ অনান্য কাৰ্যসূচীৰ ভিতৰত আছে পদ্মশ্ৰী যাদব পায়েঙৰ দ্বাৰা বৃক্ষ ৰোপণৰ লগতে প্ৰতিনিধি শিৱিৰ, গ্ৰন্থ মেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ'ব ।
অসমৰ ৩৩ খন জিলাৰ পৰা অহা বিভিন্ন কেইখন শাখাৰ ভকত বৈষ্ণৱে উক্ত অধিৱেশনস্থলীত উপস্থিত থাকিব । ইপিনে এই ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচীত উদযাপন সমিতিৰ সভাপতি তথা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । মেলেঙৰ ইলাৰাম দাস ক্ষেত্ৰৰ পৰা ETV ভাৰতৰ সাংবাদিক সাৰংগপাণি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন ।
TAGGED:
Mahapalnam held in Teok