নগাঁৱত ব্যৱসায়ীৰ বাসগৃহৰ পৰা ডকাইতে লুটিলে সোণৰ গহণা-নগদ ধন - Robbery at Amilapatti in Nagaon
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-12-2023/640-480-20237517-thumbnail-16x9-nagaon-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 11, 2023, 1:08 PM IST
নগাঁও, ১১ ডিচেম্বৰ : নগাঁৱৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দেওবাৰে নিশা ব্যৱসায়ী অনিল ম'ৰৰ ঘৰত ডকাইতে চলালে লুটপাত । কেইবা লক্ষাধিক টকাৰ সোণৰ গহণা আৰু নগদ ধন লুটি নিয়ে ডকাইতৰ দলটোৱে । নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত এই ডকাইতিৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।
আমোলাপট্টিৰ পৰামৰ্শ লে'বৰ কাষতে থকা ব্যৱসায়ী ম'ৰৰ ঘৰত সংঘটিত হৈছে এই ডকাইতি কাণ্ড । ঘটনা সংঘটিত হোৱাৰ পিছত পুৱাহে গৃহস্থই এই বিষয়ে জানিব পাৰে । এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিচত তেওঁৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দল । ঘটনাক লৈ ইতিমধ্যেই আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে কোনো এজন ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়়ক:দেৰগাঁৱত আৰক্ষীৰ গুলীত নিহত গভাইত চোৰ লাগান চাহানী