Manuh Bihu at Kaliabor : পুৰণিকলীয়া পৰম্পৰা ধৰি ৰখা কলিয়াবৰৰ এখন বিশেষ গাঁও - Manuh Bihu
🎬 Watch Now: Feature Video
কলিয়াবৰ, 15 এপ্ৰিল : আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন । আজি পহিলা ব’হাগ, মানুহ বিহু । হেঁপাহৰ সাতবিহুৰ আজি দ্বিতীয় দিন (Second day of Bohag Bihu)। সমগ্ৰ অসমবাসীৰ লগতে কলিয়াবৰতো অসমীয়াই পালন কৰিছে মানুহ বিহু ৷ কলিয়াবৰত পৰম্পৰা ৰক্ষা কৰি মানুহ বিহুৰ দিনাই জ্যেষ্ঠজনৰ সেৱা ল'লে কনিষ্ঠজনে । কলিয়াবৰৰ বৰালীগাঁৱত দেখিবলৈ পোৱা গৈছে পৰম্পৰা ৰক্ষাৰ সেই ছবিখন ।
বৰালীগাঁৱৰ যুৱক-যুৱতীসকল পুৱাই ওলাই আহি মাহ-হালধি ঘঁহি জ্যেষ্ঠজনৰ চৰণ চুই আৰ্শীবাদ ল'লে । উল্লেখ্য যে, বৰালীগাঁৱৰ যুৱক-যুৱতীসকলে প্ৰতি বছৰেই এইদৰে পুৰণিকলীয়া পৰম্পৰা ৰক্ষা কৰি আহিছে (Second day of Bohag bihu known as manuh bihu) । আজি পুৱাই মাহ-হালধি সানি গা-পা ধুই গোঁসাইক সেৱা কৰি ৰাইজে বছৰটোলৈ ঘৰখনৰ সকলোটিৰে মংগল কামনা কৰাৰ লগতে থাপনাত শৰাই নৈবদ্য আগবঢ়াই ।
কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আৰ্শীবাদ লয় । ইজনে সিজনক বিহুৱান উপহাৰ দি ৰঙালীৰ আনন্দ উপভোগ কৰাৰ লগতে চুবুৰীৰ ইঘৰ-সিঘৰলৈ গৈ ৰঙালীৰ শুভেচ্ছা বিনিময় কৰি সকলোৱে মিলি পিঠা-পনা, জা-জলপান খাই বিহুৰ আনন্দ লয় (manuh bihu celebrated at Kaliabor) ।
লগতে পঢ়ক : Rongali bihu 2023: আঁহতগুৰিত হেঁপাহৰ ৰঙালী বিহু উদযাপন