Heat waves hits Assam: 6 জুনৰ পৰা সলনি হ’ব বিদ্যালয়ৰ পাঠদানৰ সময় - জিলা শিক্ষা বিষয়া জ্যোৎস্নাৰাণী বৰ্মন
🎬 Watch Now: Feature Video
বঙাইগাঁও, 3 মে’: উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ গৰমৰ পৰা ৰক্ষা পাবলৈ বঙাইগাঁও জিলাৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হ’ব (Heat waves hits Assam)। সময়সূচীৰ সালসলনি অনুসৰি পূৰ্বৰ পুৱা ৯ বজাৰ পৰিৱৰ্তে পুৱা ৭ বজাৰ পৰা পাঠদান আৰম্ভ হ’ব। চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠানকে এই নিৰ্দেশ মানি চলাৰ আহ্বান বঙাইগাঁও জিলা শিক্ষা বিষয়া জ্যোৎস্নাৰাণী বৰ্মনৰ ৷
৬ জুনৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় (School time change in Bongaigaon)। উল্লেখ্য যে, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৭ বজাৰ ১০ বজালৈ, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ৭ বজাৰ পৰা ১১ বজালৈ আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ১২ বজালৈ পাঠদান চলিব। আনহাতে গৰমৰ তাপমাত্ৰা যদি অধিক হয় তেন্তে এই সময়সূচী আকৌ সালসলনি কৰা হ’ব বুলি উল্লেখ কৰে জিলা শিক্ষা বিষয়াগৰাকীয়ে ৷