Girl Abused: প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম নাবালিকা ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 11:48 AM IST

thumbnail

জোনাই, ৭ অক্টোবৰ: জোনাইত বিশেষভাৱে সক্ষম এগৰাকী নাবালিকা ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিদ্যালয়ৰ কাৰ্যালয়ত প্ৰধান শিক্ষকজনে এই জঘন্য ঘটনা সংঘটিত কৰা বুলি খোদ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰে ৷ ৪ অক্টোবৰত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷

জানিব পৰা মতে, জোনাই আৰক্ষী থানা অন্তৰ্গত ঐৰামঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে বিশেষভাৱে সক্ষম নাবালিকা ছাত্ৰীগৰাকীক শিকোৱাৰ চলেৰে বিদ্যালয়ৰ কাৰ্যালয়ৰ ভিতৰলৈ মাতি আনি কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা চলায় ৷ কিন্তু সুযোগ বুজি ছাত্ৰীগৰাকী পলায়ন কৰিবলৈ সক্ষম হয় ৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জোনাই থানাত এটা গোচৰ ৰুজু কৰিছে ৷

বিদ্যালয়ত সংঘটিত সমগ্ৰ ঘটনা স্কুলখনৰে এজন ছাত্ৰই প্ৰত্যক্ষ কৰা বুলি এজাহাৰত উল্লেখ আছে ৷ ইফালে জোনাই থানাত নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ পৰিয়ালে গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে অভিযুক্ত প্ৰধান শিক্ষকক বাতৰি লিখা পৰলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Protest in Lakhimpur : হত্যাকাৰীৰ ফাঁচীৰ দাবীত লখিমপুৰত ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.