FIR against Satradhikar: ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি মাজুলীত সত্ৰাধিকাৰৰ বিৰুদ্ধে ক্ষোভ - সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী
🎬 Watch Now: Feature Video
মাজুলী, 16 মাৰ্চ: আৰক্ষীৰ ওচৰত গোচৰ তৰাৰ পিচতেই দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ বেদ বিদ্যালয়ৰ মৃত ছাত্ৰ বিকাশ ছেত্ৰীৰ বাসগৃহত উপস্থিত হয় সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ৷ বুধবাৰে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ বেদ বিদ্যালয়ৰ নিৰ্মীয়মান পকী বেৰ খহি মৃত্যু হৈছিল ছাত্ৰজনৰ । মাজুলীৰ ফুলনিৰ দিলবাহাদুৰ চেত্ৰী আৰু ৰেণুকা চেত্ৰীৰ পুত্ৰ আছিল মৃত্যুক সাৱটি লোৱা ছাত্ৰজন (FIR against Satradhikar in Majuli)।
ছাত্ৰজনৰ মৃত্যুৰ ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পাচতো এবাৰলৈ পৰিয়ালৰ লোকক খবৰ লোৱা নাছিল আশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলে । যাক লৈ ক্ষোভিত হৈ পৰিছিল মৃত্যু হোৱা ছাত্ৰজনৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ ৰাইজ । ইয়াৰ পাচতেই গাঁওখনৰ ৰাইজে সত্ৰীয়া জানৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে ফুলনি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছিল (Student died in Ved Vidyalaya in Majuli) ।
আৰক্ষীৰ ওচৰত গোচৰ তৰাৰ পিচতেই মৃত বিকাশ চেত্ৰীৰ বাসগৃহত উপস্থিত হয় দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামী । জনাৰ্দন গোস্বামী বিকাশ চেত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । নানা ধৰণৰ প্ৰশ্নৰে জনাৰ্দন দেৱ গোস্বামীক জবাবদিহি কৰে ৰাইজে (Majuli Student death news)।
লগতে পঢ়ক: Majuli: সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল মাজুলীত