Majuli Central Rongali Bihu Sanmilan: মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - সৰ্বানন্দ সোণোৱাল
🎬 Watch Now: Feature Video
মাজুলী, 8 মে’ : মাজুলীৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে (Majuli Central Rongali Bihu Sanmilan)।
মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম, ঋতুপৰ্ণ বৰুৱা, সুভাষ দত্ত, হৰেন দেউৰী, ৰমেন দত্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া ভাষণত অসমীয়া নতুন বছৰটোতে যাতে সকলোৱে মিলা প্ৰীতিৰে থকাৰ পণ লয় তাৰে কামনা কৰে (Sarbananda Sonowal at Majuli Central Rongali Bihu) ৷
তেওঁ লগতে কয়, ‘মাজুলীৰ ৰাইজে এই অভাজনক বহু মৰম দিছে । ইয়ালৈ যিমান বাৰ আহিছোঁ সকলোৱে মৰম কৰে । কেতিয়াবা খং খাই গালি পাৰে কিন্তু তাৰ পৰা মই বাৰ্তাহে পাওঁ’ ৷ মাজুলীৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুসুম কৈলাশ আৰু নিৰ্মালী দাসে (Majuli rongali bihu) ।
লগতে পঢ়ক : Assam Jatiya Vidyalaya State Samaroh: বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰিল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ