Sankaradeva Birth Anniversary 2023: মাজুলীৰ বনগাঁৱত দুদিনীয়াকৈ উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ 575তম জন্মোৎসৱ - Sankaradeva 575th birth Anniversary

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 5:32 PM IST

মাজুলী, 24 ছেপ্টেম্বৰ : আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ 575 সংখ্যক জন্মজয়ন্তী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাজুলীতো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ 575 সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপন কৰে ৷ জিলাখনৰ 35 খনকৈ সত্ৰ আৰু প্ৰায় তিনি শতাধিক নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আৰ্বিভাৱ মহোৎসৱ আয়োজন কৰা হৈছে । 

সত্ৰ-নামঘৰৰ ওপৰিও মাজুলীৰ বিভিন্ন ৰাজহুৱা স্থানতো আয়োজন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ । মাজুলীৰ বনগাঁওবাসীয়ে এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক জন্মোৎসৱ আয়োজন কৰিছে । পুৱাৰ পৰা হৰি নামৰ ধ্বনি, খোল-তালৰ মাতত মুখৰিত হৈ পৰিল গাঁৱখনত । আজি পুৱা উষা কীৰ্ত্তন, আইসকলে দিহানাম পৰিৱেশন কৰে । ইয়াৰ পাচত ভাগৱত শোভাযাত্ৰা হয় । ইফালে নিশা বনগাঁৱৰ যুৱকসকলৰ দ্বাৰা "কুমাৰ হৰণ, হৰি হৰ যুদ্ধ" ভাওনা মঞ্চস্থ কৰা হ’ব বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:Sankaradeva Birth Anniversary: মাজুলীত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ তম জন্মোৎসৱ উদযাপন 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.