77th Independence Day: ‘চেল্যুট ত্ৰিৰংগা অসম’ৰ বাইক ৰেলী - চেল্যুট ত্ৰিৰংগা অসমৰ বাইক ৰেলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-08-2023/640-480-19255386-thumbnail-16x9-guwahati-aspera.jpg)
গুৱাহাটী,১৩ আগষ্ট: ‘চেল্যুট ত্ৰিৰংগা’ অসম প্ৰদেশৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি দেওবাৰে বাইক ৰেলীৰ আয়োজন কৰে । এই ৰেলী গুৱাহাটীৰ দীঘলীপুখুৰী ৱাৰ মেম’ৰিয়েলৰ পৰা নেহৰু ষ্টেডিয়াম গণেশগুৰিৰ হৈ খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰত উপস্থিত হয় ।
স্বাধীনতা সংগ্ৰামীসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰি নৱপ্ৰজন্ম আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ উদ্দেশ্যৰে আৰু তাৰ অংশ হিচাপে ‘চ্যেলুট তিৰংগা’ই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাইক ৰেলী কৰি আহিছে । দীঘলী পুখুৰীৰ ৱাৰ মেম'ৰিয়েলৰ পৰা আৰম্ভ হোৱা বাইক ৰেলী খানাপাৰা খেলপথাৰত সামৰণি পৰে ।
এই বাইক ৰেলীত প্ৰায় অৰ্ধশতাধিক লোকে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ অসম চৰকাৰে বিশেষ কিছু কাৰ্যসূচীৰে উদযাপন কৰিব স্বাধীনতা দিৱসত । দেওবাৰে কেন্দ্ৰীয়ভাৱে দীঘলীপুখুৰীত প্ৰাক স্বাধীনতা দিৱস পালন কৰা হ'ব । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰিব ।
লগতে পঢ়ক: Independence day parade: নলবাৰীত 14 টা প্লাটুনে চলাইছে পেৰেডৰ অনুশীলন