তিনিদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত RSS প্ৰধান মোহন ৰাও ভাগৱত - RSS chief
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-12-2023/640-480-20373589-thumbnail-16x9-majuli.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 28, 2023, 12:58 PM IST
মাজুলী, 28 ডিচেম্বৰ : বৃহস্পতিবাৰে পুৱা ভাগত RSS প্ৰধান মোহন ৰাও ভাগৱত উপস্থিত হয় উত্তৰ কমলাবাৰী সত্ৰত ৷ উত্তৰ কমলাবাৰী সত্ৰত উত্তৰ পূবৰ ১০০ ৰো অধিক ধৰ্ম গুৰুৰ সন্মিলন মিলিত হৈছে । এই আলোচনাত সত্ৰীয়া সংস্কৃতিৰ বিষয় বস্তুৱে স্থান পাইছে ।
উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে বিয়লিৰ ভাগত মাজুলীত উপস্থিত হয় RSS প্ৰধান মোহন ৰাও ভাগৱত । ডিব্ৰুগড়ৰ পৰা পোনে পোনে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হয় RSS প্ৰধানগৰাকী । এই তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা মোহন ভাগৱতে কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এই সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে RSS ৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে ।
RSS ৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখগৰাকীয়ে উল্লেখ কৰা অনুসৰি, RSS ৰ প্ৰধান মোহন ভাগৱতে মাজুলীক সত্ৰসমূহ দৰ্শন কৰিব ৷ তেওঁ লগতে এক ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰাৰ কথা আছে । বৃহস্পতিবাৰে বিয়লিৰ ভাগত RSS ৰ প্ৰধানগৰাকীয়ে দক্ষিণপাট সত্ৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, RSS প্ৰধানগৰাকী মাজুলীত উপস্থিত হোৱাৰ পাচতে বিজেপি আৰু RSSৰ বহুকৰ্মীয়ে মাজুলীত ভিৰ কৰা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ টনা-টনি, আশা এৰি দিয়া নাই আপে