ওদালগুৰিত 24 কোটি টকাৰ জলসিঞ্চন প্ৰকল্প উদ্বোধন - মন্ত্ৰী অশোক সিংহল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2023/640-480-20182347-thumbnail-16x9-sri.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 4, 2023, 3:28 PM IST
ওদালগুৰি, 4 ডিচেম্বৰ : সোমবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱত প্ৰায় চব্বিশ কোটি টকাৰ এটা জলসিঞ্চন প্ৰকল্পৰ উদ্বোধন কৰে মন্ত্ৰী অশোক সিংহলে ৷ ওদালগুৰি জিলা পানেৰি-কলাইগাঁও জলসিঞ্চন সংমণ্ডলৰ অন্তৰ্গত কলাইগাঁও চেঙাপথাৰ, ৰণথলি, বৰ ধূপৰতল, দক্ষিণ বোক্ৰাঝাৰ চমুৱাপাৰা অঞ্চলৰ প্ৰায় 660 টা কৃষক পৰিয়ালৰ হকে 980 হেক্টৰ কৃষিভূমিত 12 মাহে পানী যোগান ধৰিব পৰাকৈ এই জলসিঞ্চন প্ৰকল্প নিৰ্মাণ কৰা হৈছে ৷
বিগত 2013-14 বৰ্ষতে জলসিঞ্চন বিভাগৰ AIBP আঁচনিৰ অধীনত চব্বিশ কোটি পঞ্চাছ লাখ টকা ব্যয়ৰে গণকপাৰা গাঁৱৰ কুলশী নৈৰ বকুত নিৰ্মাণ কৰা হৈছিল চমুৱাপাৰা গেন্দ্ৰাজুলি বোৱঁতী জলসিঞ্চন প্ৰকল্পটো ৷ প্ৰকল্পটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত সোমবাৰে বিভাগীয় মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰকল্পটো কৃষক ৰাইজক চমজাই দিয়ে ৷ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে বিটিআৰৰ EM দিগন্ত বৰুৱাৰ লগতে বিভাগীয় বিষয়াসকলো উপস্থিত থাকে ৷
লগতে পঢ়ক: হাৱালা চক্ৰৰ ধন আত্মসাৎ কৰা লোকৰ গ্ৰেপ্তাৰৰ সংখ্যা ৯ জনলৈ বৃদ্ধি