thumbnail

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 6:43 AM IST

Updated : Dec 29, 2023, 6:48 AM IST

ETV Bharat / Videos

ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে তিনি ৰ’ড চোৰক

তেজপুৰ, 29 ডিচেম্বৰ : তেজপুৰত দিন দুপৰতে চোৰৰ উপদ্ৰৱ ৷ চোৰে মানুহৰ ঘৰৰ সা-সম্পত্তিৰ উপৰিও লোহা, কাঠ আদি চুৰি কৰি ৰাইজৰ টোপনি হৰিছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে লোহা চুৰি কৰি থকা অৱস্থাত হাতে-লোটে তিনি চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় তেজপুৰৰ ঊষানগৰৰ ৰাইজে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি তেজপুৰৰ ঊষানগৰত এখন ই-ৰিক্সাত অহা তিনি চোৰে স্থানীয় ৰাণা ভড়ালী নামৰ এজন লোকৰ ঘৰৰ পৰা ৰ’ড চুৰি কৰি লৈ গৈ আছিল ৷ তেনে সময়তে ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে অভিযুক্ত তিনিও চোৰক ৷ তাৰ পিচত ৰাইজে উক্ত স্থানতে অভিযুক্ত চোৰকেইটাক আঁঠুকঢ়াই থৈ দিয়ে ৷ 

অৱশ্যে পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে জানিব পাৰি উক্ত স্থানত কছাৰীগাঁও আৰক্ষী উপস্থিত হৈ অভিযুক্ত তিনিওটা চোৰক নিজৰ জিম্মাত লয় ৷ ধৃত তিনি অভিযুক্ত হৈছে তেজপুৰ দৰ্জীপট্টিৰ নাদিম হুছেইন, বাম-বেছেৰীয়াৰ গৌৰৱ নাথ আৰু ঊষানগৰৰ অভিৰাজ ভূঞা ৷ আৰক্ষীয়ে ধৃত চোৰকেইটাক সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: ৰ’ডেৰে মৰিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই

Last Updated : Dec 29, 2023, 6:48 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.