thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 9:16 PM IST

ETV Bharat / Videos

Robbery incident: আদবাটতে ডেলিভাৰী বয়ক চোকা অস্ত্ৰ দেখুৱাই সামগ্ৰী লুট

তিনিচুকীয়া, 20 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজানৰ পৰা বৰডুবি চাহ বাগিচালৈ পাৰ্ছেলৰ বস্তু দিবলৈ যোৱা এজন ডেলিভাৰী বয়ক মটৰ চাইকেলেৰে অহা দুজন অচিনাক্ত যুৱকে আগভেটি ৰখাই চোকা অস্ত্ৰ দেখুৱাই ধনৰ লগতে পাৰ্ছেলৰ সামগ্ৰী লুটি লৈ যায় । ৰোশন তাঁতী নামৰ ডেলিভাৰী বয়জনক দুজন যুৱকে চোকা অস্ত্ৰ দেখুৱাই প্ৰায় 7/8 হাজাৰ টকাৰ লগতে পাৰ্ছেলৰ সামগ্ৰী লুট কৰি নিয়ে । এই ঘটনাৰ বিষয়ে ৰোশন তাঁতীয়ে সতীৰ্থসকলক ফোনযোগে অৱগত কৰে । 

এই খবৰ লাভ কৰি ৰোশনৰ সতীৰ্থসকলে বাদলাবেটাৰ নাগাকাটা লাইনৰ সমীপত ডকাইতি কৰা যুৱক দুজনক আক্ৰমণ কৰি ৰখাবলৈ চেষ্টা কৰিছিল যদিও চোকা অস্ত্ৰৰে এজনক আক্ৰমণ কৰি পলায়ন কৰে ডকাইতৰ দলটোৱে ৷ 

ডকাইতৰ আক্ৰমণত আহত লোকজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে । ইফালে এজনে অতি কৌশলেৰে ডকাইতিকাণ্ড সংঘটিত কৰা দুই যুৱকৰ ফটো কৌশলেৰে ফোনত আৱদ্ধ কৰি ৰাখে । ইতিমধ্যে ঘটনা সম্পৰ্কে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে ডকাইত দুটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Theft Incident: দিন দুপৰতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.