New Road name in Jonai:চিলাপথাৰত বিশিষ্ট ব্যক্তিৰ নামত পথৰ নামকৰণ - Naming of road after Chandra Kant

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 12, 2023, 10:29 PM IST

জোনাই, ১২ মাৰ্চ: ধেমাজি জিলাৰ চিলাপথাৰত বিশিষ্ট ব্যক্তি প্ৰয়াত চন্দ্ৰকান্ত দিহিঙীয়াৰ নামত এটা পথৰ নামকৰণ কৰা হয় (Naming of road after Chandra Kant Dihingiya in Chilapathar) । চিলাপথাৰ নগৰৰ জোনাকী নগৰৰ পৰা নতুন মিচিং গাঁৱলৈকে প্ৰসাৰিত ব্যস্ততাপূৰ্ণ উপ পথচোৱাক চন্দ্ৰকান্ত দিহিঙীয়াৰ নামত নামকৰণ কৰে অঞ্চলটোৰ ৰাইজে । জোনাকী নগৰৰ চাৰিআলিৰ পৰা নতুন মিচিং গাঁৱলৈকে প্ৰসাৰিত ১ কিলোমিটাৰ দৈৰ্ঘৰ পুৰণি পথচোৱা দেওবাৰে মাংগলিক নিয়মৰে ফলক স্থাপন কৰি নামকৰণ কৰে স্থানীয় ৰাইজে ।  

ৰাইজৰ সহায়ক হোৱাকৈ পথচোৱাৰ আৰম্ভনিতে বিশেষ অৰিহণা আগবঢ়োৱাৰ লগতে মৃত্যু পৰ্যন্ত বিভিন্ন ৰাজহুৱা কাম কাজত অৱদান আগবঢ়াই যোৱা চন্দ্ৰকান্ত দিহিঙীয়াৰ নামত পথচোৱা নামাকৰণ কৰি আনন্দিত হোৱা বুলি মন্তব্য কৰিছে চিলাপথাৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ আদিত্য সোণোৱালে (Chilapathar Municipality) পথচোৱাৰ নামকৰণে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিব বুলি কয় । এই অনুষ্ঠানটোত উপস্থিত থাকি চিলাপথাৰ নগৰ হাইস্কুলৰ সহকাৰী শিক্ষক পূৰ্ণকান্ত প্ৰধানে অঞ্চলটোৰ ভিতৰতে পুৰণি পথটো প্ৰয়াত লোকগৰাকীৰ নামত নামকৰণ কৰিবলৈ পাই গৌৰৱান্বিত হোৱা বুলি মন্তব্য কৰি ইয়াৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ।  

এই অনুষ্ঠানটোত উপস্থিত থাকে চিলাপথাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিষ্টুৰাম কোঁৱৰ, মহাত্মা গান্ধী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেন কুটুম, মাৰ্কেটিং পৰিদৰ্শক নৱ গগৈ, সমাজসেৱক ভৱানী দেউৰী, জ্যেষ্ঠ নাগৰিক থানেশ্বৰ চুতীয়া, তীৰ্থেশ্বৰ চুতীয়া, গণেশ সন্দিকৈ ।

লগতে পঢ়ক:AJP meeting in Mangaldoi: 2024ৰ নিৰ্বাচনৰ লক্ষ্যৰে মঙলদৈত অগপৰ বিশাল কাৰ্যকৰ্তা সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.