মৰনৈত ডাম্পাৰৰ খুন্দাত নিহত এজন - দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16266462-thumbnail-3x2-majuli.jpg)
গোৱালপাৰাৰ মৰনৈত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road accident in Goalpara) ৷ প্ৰতিদিনৰ দৰে নামাজ পঢ়িবলৈ যোৱা মহিৰুদ্দিন আহমেদ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনে পথ পাৰ হ’বলৈ লওঁতেই দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই লৈ যায় ৷ ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু হয় অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ (Retired teacher dead in road accident) ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখনে পলায়নৰ চেষ্টা কৰে যদিও ডুবাপাৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ নিহত লোকজনৰ ঘৰ মৰনৈৰ কোদলধোৱাত ৷ ঘটনাস্থলীত মৰনৈ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST