thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:28 PM IST

ETV Bharat / Videos

Road accident in Assam: পাথাৰকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱক নিহত

কৰিমগঞ্জ, ১৩ নৱেম্বৰ: দেৱালীৰ নিশা পাথাৰকান্দিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন গাড়ীৰ খুন্দাত ঘটনাস্থলীত নিহত হ'ল ভাৰ্গৱ দাস নামৰ এজন যুৱক । এই ঘটনাত আন দুজন বন্ধু গুৰুতৰভাৱে আহত হয় ।  

উল্লেখ্য় যে ভাৰ্গৱ দাস আৰু তেওঁৰ বন্ধুকেইজনমানে পাথাৰকান্দি মুণ্ডমালাৰ শশ্মান কালিবাৰীত পূজা চাবলৈ গৈছিল । পুজা চাই ঘৰলৈ উভতি অহাৰ সময়ত পাথাৰকান্দি মুণ্ডমালা খেলপথাৰৰ সম্মুখত অসম-ত্রিপুৰা সংযোগী ৰাষ্ট্রীয় ঘাইপথত লোয়াইৰপোয়াৰ পৰা পাথাৰকান্দিলৈ অহা এখন আইটেন গাড়ীয়ে তীব্ৰ গতিত পিছফালৰ পৰা খুন্দা মাৰে । ফলত থিতাতেই নিহত হয় ভাৰ্গৱ দাস । দুর্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনৰ খুন্দাত ওচৰত থকা পকী দলং খহি পৰে । ঘটনাত ভার্গব দাসৰ লগতে তেওঁৰ বন্ধু গৌৰৱ পাল আৰু চালক নবীন বনিক গুৰতৰভাবে আহত হয় ।  

লগতে পঢ়ক:Fire Incident in Assam:দীপাৱলীত মহানগৰীত ১৭ টা অগ্নিকাণ্ড ,অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্য়ু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.