Road Accident at Kaliabor: মালবাহী ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ, চালকসহ গুৰুতৰভাৱে আহত পাঁচজন - মিছা আৰক্ষী চকী
🎬 Watch Now: Feature Video
কলিয়াবৰ, 17 মাৰ্চ: কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত বৰালী গাঁৱৰ ৰাষ্ট্ৰীয় পথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ নগাঁৱৰ দিশৰ পৰা আহি থকা এ এছ ০৯ এ চি ১৪৯৪ নম্বৰৰ এথন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই জখলাবন্ধা দিশৰ পৰা গৈ থকা এ এছ০২ ডি চি ১৯২২ নম্বৰৰ মালবাহী ট্ৰাকখনত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় (Truck collides head-on with passenger bus) । ফলত ট্ৰাকখনৰ চালক আৰু চাৰিজন যাত্ৰীকে ধৰি সুঠ পাঁচজন লোক গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাটোত ট্ৰাকৰ চালকজন বহু সময় ধৰি ট্ৰাকখনৰ ভিতৰতে আবদ্ধ হৈ থাকে ৷
ঘটনাৰ খবৰ পাই দুৰ্ঘটনাস্থলীত উপস্থিত মিছা আৰক্ষী চকীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে স্থানীয় ৰাইজৰ সহযোগত চালকজনৰ লগতে আহত চাৰিজন যাত্ৰীক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । আৰক্ষীয়ে জানিবলৈ দিয়ে অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত বাছখনত আছিল কম সংখ্যক যাত্ৰী । যাৰ বাবে হতাহতৰ সংখ্যা কম হ’ল । দুৰ্ঘটনাটোত আহত লোককেইজন ক্ৰমে ইমৰান হুছেইন (২৪), মুজাহিদুল ইছলাম (২৩), ভাৰত হাজৰিকা (৫৫), দেৱাশিস বৰা (২৮) আৰু জুৰিস্মিতা হাজৰিকা বুলি জানিব পৰা গৈছে ।
মালবাহী ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ এই মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ট্ৰাকৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : DYFI Protest in Guwahati: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা ডি ৱাই এফ আইৰ