thumbnail

Japanese Encephalitis at Kaliabor : স্বাস্থ‍্যমন্ত্ৰীৰ গৃহ সমষ্টিত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

By

Published : Aug 4, 2023, 1:39 PM IST

কলিয়াবৰ, 4 আগষ্ট: কলিয়াবৰত জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ জাপানীছ এনকেফেলাইটিছৰ ক্ৰমাৎ সংক্ৰমণ বৃদ্ধি পাইছে স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিত । এগৰাকী মহিলাৰ লগতে এটি কিশোৰসহ মুঠ চাৰিজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগ ।ইতিমধ্যে তিনিজনক তেজপুৰ চিকিৎসা মহাবিদ‍্যালয় চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে কিশোৰগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ‍্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা এলেকাত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে ৷ লগতে ৰাইজে ব‍্যৱহাৰ কৰা আঁঠুৱা ঔষধিকৰণ কৰা আৰু ফ’গিং কৰাৰ ব‍্যৱস্থা কৰাৰ ওপৰিও ঘৰে ঘৰে স্বাস্থ্য কৰ্মী গৈ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা অব‍্যাহত ৰাখিছে । ঘৰৰ চৌহদত যাতে পানী জমা হৈ নাথাকে আৰু চৌহদ সদায় চাফ চিকুণ হৈ থাকে তাৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনাইছে সংশ্লিষ্ট স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক : Social activist Mukut Chandra Bhuyan: সমাজ সেৱক মুকুট ভূঞাৰ মৃত্যুত শোক প্ৰকাশ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.