thumbnail

By

Published : Mar 25, 2023, 12:20 PM IST

ETV Bharat / Videos

Tea Garden of Assam: ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ শ্ৰমিকৰ বিননি শুনিবনে চৰকাৰে ?

টীয়ক, 25 মাৰ্চ: গছ পূজাৰে অসমৰ উজনিত ঠায়ে ঠায়ে আৰম্ভ হ'ল কেঁচা চাহ পাত ছিঙা পৰ্ব ৷ বসন্তৰ আগমনৰ লগে লগে এতিয়া কুঁহিপাত মেলিছে গছ-লতিকা সমূহে । চাহ বাগিচা সমূহো সেউজীয়া আৰু সমৃদ্ধ কৰি তুলিছে এটি কলি দুটি পাতে (Assam Tea) ৷ এয়া উজনিৰ চাহ বাগিচা সমূহত এই সময়ত দেখিবলৈ পোৱা এক চিনাকি দৃশ্য ৷ এটি কলি দুটি পাত উলোৱাৰ লগে লগে চাহ বাগিচা সমূহত আৰম্ভ হৈছে পাত ছিঙা পৰ্ব (Tea Gardens of Assam) ৷  

তাহানিৰ পৰম্পৰা ৰক্ষা কৰি বাগিচাৰ শ্ৰমিকসকলে কেঁচা পাত ছিঙাৰ প্ৰথম দিনটোত সমাপন কৰে গছ পূজা ৷ এনেদৰে গছ পূজাৰ জৰিয়তে শ্ৰমিকৰ কুশল কামনা কৰাৰ লগতে চাহৰ উৎপাদন বৃদ্ধিৰ কামনা কৰে ৷ আনহাতে অসমৰ অৰ্থনীতিত বিশেষ অৰিহণা থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মনবোৰো সেউজীয়া কৰি তোলে শ্ৰমিকসকলৰ এই পৰম্পৰাই (Raw tea leaf harvesting in Assam) ৷  

উল্লেখ্য যে, প্ৰথম দিনটোতেই পূৰ্বৰ তুলনাত কেঁচা পাতৰ উৎপাদন হ্ৰাস পাইছে বুলি মতপোষণ কৰিছে বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কে ৷ ইয়াৰ মুখ্য কাৰণ জলবায়ু পৰিৱৰ্তন ৷ জলবায়ুৰ পৰিৱৰ্তনে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে কেঁচা পাতৰ উৎপাদনত ৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰি বাগিচা নিৰ্মাণ কৰা অধিকাংশ খেতিয়কৰে নাই কৃত্ৰিম জলসিঞ্চনৰ সামৰ্থ ৷ ফলত বহু সময়ত উৎপাদন ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ (Small Tea Growers in Assam) ৷ কিন্ত এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা, ৰাজ্যৰ লগতে দেশৰ অৰ্থনীতিত উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ শ্ৰমিকসকলৰ কথা ভবাৰ আহৰি নাই চৰকাৰৰ ৷

পাত ছিঙা পৰ্বৰ আৰম্ভণিৰ দিনটোত এগৰাকী খেতিয়কৰ চৰকাৰলৈ আহ্বান- "ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সমস্যাৰাজিৰ ওপৰতো দৃষ্টি দিয়ক । তেতিয়াহে অসমৰ অৰ্থনৈতিক উন্নয়ন হোৱাৰ লগতে চাহ খেতিলৈ আকৰ্ষিত হ'ব উঠি অহা প্ৰজন্ম ।" (Problems of Small Tea Growers in Assam)

লগতে পঢ়ক:Pollution free India : প্ৰদূষণ মুক্ত ভাৰত গঢ়া লক্ষ্যৰে দক্ষিণ ভাৰতৰ পৰা চাইকেলেৰে উপস্থিত লামডিঙত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.