Rangapara Rape case: ৰঙাপৰাত ধৰ্ষণৰ অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ - ধৰ্ষণৰ অভিযুক্ত
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-07-2023/640-480-19060969-thumbnail-16x9-rangapara.jpg)
ৰঙাপৰা, 21 জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰাত ধৰ্ষণৰ অভিযুক্ত এটা লম্পটক কাৰাগাৰলৈ প্ৰেৰণ ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ মূৰিপট্টিত সংঘটিত হৈছিল এই ধৰ্ষণৰ ঘটনা ৷
জানিব পৰা মতে ৰঙাপৰাৰ ঢোলকোৱা চাহ বাগিচাৰ এগৰাকী যুৱতীয়ে মূৰিপট্টিত এঘৰ মানুহৰ ঘৰত প্ৰস্ৰাৱগাৰলৈ যোৱাৰ সময়ত সুযোগ গ্ৰহণ কৰি ফালু আলি নামৰ লম্পটটোৱে পিছফালৰ পৰা যুৱতীগৰাকী সাৱটি ধৰি ধৰ্ষণ কৰাৰ অপচেষ্টা চলায় ৷
এই ঘটনা পোহৰলৈ অহাৰ পাচতেই স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত ফালু আলি নামৰ লম্পটটোক আটক কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি লম্পট ফালু আলিক আদালতত হাজিৰ কৰোৱাই শুকুৰবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : Arunachal rape case : ২১ গৰাকীকৈ শিক্ষাৰ্থীক যৌন নিৰ্যাতন হোষ্টেল ৱাৰ্ডেনৰ