Crime in Cachar: ধৰ্ষণত অভিযুক্ত অধ্য়ক্ষক ন্যায়িক জিম্মালৈ প্ৰেৰণ

🎬 Watch Now: Feature Video

thumbnail

কৰিমগঞ্জ, ২৮ মে': প্ৰতিবাদ আৰু ৰাইজৰ হেঁচাত অৱশেষত আৰক্ষীৰ জালত পৰিল ভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্য়ক্ষ আছাৰ উদ্দিন ৷ বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে অধ্য়ক্ষজনৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতে ছাত্ৰী গৰাকীক অধ্য়ক্ষজনে ধৰ্ষণ কৰা বুলি ছাত্ৰীগৰাকীয়ে অভিযোগ তুলিছে (Allegations of rape against Principal) ৷

শনিবাৰে পুৱা নিলাম বজাৰৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । অভিযুক্ত আছাৰ উদ্দিন নিলাম বজাৰৰ এজন শীৰ্ষ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত আছিল । আৰক্ষীয়ে সেই নেতাজনৰ ঘৰত অভিযান চলাই অভিযুক্তটোক গ্ৰেপ্তাৰ কৰে (Rape accused school principal arrested) । আদালতত হাজিৰ কৰোৱাৰ পিচতে অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য় যে উক্ত ঘটনাৰ দিনা বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক তেওঁৰ কোঠালৈ মাতি ভাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্য়ক্ষ আছাৰ উদ্দিনে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল ছাত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই কিশোৰীগৰাকীৰ পিতৃয়ে ধৰ্ষণৰ অভিযোগত অধ্য়ক্ষৰ বিৰুদ্ধে গোচৰ তৰে (rape news) । 

লগতে পঢ়ক:Karimganj rape news: শিক্ষক সমাজক কলুষিত কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.