এজনে অসমলৈ মনে মনে লৈ আনিছিল অৰুণাচলী কিশোৰী; কিন্তু কিয় ?

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:08 AM IST

thumbnail

ৰঙাপৰা, 24 নৱেম্বৰ :  চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা এগৰাকী জনজাতীয় কিশোৰী পাইছিলহি অসম ৷ অসমৰ যুৱকৰ সৈতে বিয়া হোৱাৰ সপোন দেখি গুচি আহিছিল তাই ৷ কিন্তু সেই বিয়াৰ প্ৰস্তাৱ আছিলনে সঁচা ? পোহৰলৈ আহিছে অন্য তথ্যহে ৷

অসমৰ যুৱকে বিয়াৰ প্ৰলোভন দি অপহৰণ কৰি আনিছিল কিশোৰীগৰাকী ৷ মানৱ সৰবৰাহকাৰীৰ জালত পৰিছিল অৰুণাচলৰ কিশোৰীগৰাকী ৷ ৰঙাপৰা ৰেলৱে আৰক্ষীয়ে আটক কৰিছে মানৱ সৰবৰাহকাৰীটোক । শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত অৰুণাচলী কিশোৰী গৰাকীক ।

বুধবাৰে ১৩ বছৰীয়া এগৰাকী জনজাতীয় কিশোৰীক বিয়াৰ প্ৰলোভন দি অপহৰণ কৰি আনিছিল অসমৰ এজন যুৱকে । পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ ফাছাং টুং গাঁৱৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক হোজাইৰ ১ নং টুংয়া গাঁৱৰ চাহাব উদ্দিনৰ পুত্ৰ দিলৱাৰ হুছেইনে অপহৰণ কৰি আনিছিল । দুয়োজনে নাহৰলগুনৰ পৰা ১৫৮১৮ নম্বৰৰ যাত্ৰীবাহী নামনিমুৱা ৰেলখনত আহি থকাৰ তথ্য লাভ কৰিছিল ৰঙাপৰা ৰেলৱে সুৰক্ষা বাহিনীয়ে । উক্ত তথ্যৰ ভিত্তিত নিশা ৰঙাপৰা ৰেলৱে জংচনত যাত্ৰীবাহী ৰেলখন আহি পোৱাৰ পিচত ৰেলৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই আৰু দুয়োজনকে আটক কৰে ।

ইপিনে বৃহস্পতিবাৰে ৰঙাপৰা ৰেলৱে জংচনত উপস্থিত হয় অৰুণাচল প্ৰদেশৰ আৰক্ষী আৰু কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গ । কিশোৰীকগৰাকীক অপহৰণ কৰি অনা লম্পটটো আৰু কিশোৰীগৰাকীক অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে নিজৰ হাতত চমজি লৈ দুয়োকে নিজ ৰাজ্যলৈ লৈ যায় । মানৱ সৰবৰাহকাৰী হাতৰ পৰা কিশোৰী গৰাকী উদ্ধাৰ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে পৰিয়ালবৰ্গই ৷

লগতে পঢ়ক : Women trafficking: বিলাসীপাৰাত নাৰী সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.