thumbnail

By

Published : Apr 15, 2023, 11:45 AM IST

ETV Bharat / Videos

Barpeta Satra Bihu: সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি নীতিৰে বৰপেটা সত্ৰত পালন কৰা হৈছে ব’হাগৰ বৰ দোমাহী

বৰপেটা, 15 এপ্ৰিল: ৰাজ্যবাসীয়ে আনন্দ-উলাহেৰে উদযাপন কৰিছে বাপতি সাহোন ৰঙালী বিহু ৷ বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰা হৈছে ব'হাগ বিহু ৷ বৰপেটাৰ বিহু মূলতঃ সত্ৰকেন্দ্ৰীক ৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পৰিশীলিত ৰূপত পালন কৰা হয় ব'হাগ বিহু (Bihu in Barpeta Satra) ৷

বৰপেটাত স্থানীয় ভাষাত ব'হাগ বিহুক কোৱা হয় ‘বৈহাগৰ দোমাহি’ ৷ চ'তৰ সংক্ৰান্তিৰ পৰা সাতদিন জুৰি পালন কৰা ‘বৈহাগৰ দোমাহি’ৰ আজি পহিলা বহাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহি৷ বৰ দোমাহি উপলক্ষে সত্ৰত সেৱা জনাবলৈ ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ বৰ দোমাহি উপলক্ষে সত্ৰত পুৱা নাম প্ৰসংগৰ পিচত সত্ৰৰ গায়ন-বায়নে গুৰুঘাট বজায় (Rangali Bihu Celebrate in Barpeta Satra) ৷  

হৰিনামৰ অমিয়া সুৰ, গায়ন-বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ ৷ পহিলা ব'হাগৰ দিনটোত সত্ৰত আঁঠু লৈ গুৰু দুজনাৰ আশীৰ্বাদ প্ৰাৰ্থনা কৰিছে ভক্তসকলে ৷ পুৱাৰ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হ'ব ৷ সত্ৰৰ দৈবজ্ঞই কৰা বৰ্ষফল গননা শুনিবলৈ আজি সত্ৰখনত সমবেত হ’ব বৰপেটাবাসী প্ৰতিজন লোক ৷ সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গননাৰ পিচতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসঙ্গ কৰা কাঠিত পাঠ কৰা হব বৰ্ষফল গননা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.