Bishnu Prasad Rabha : বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাভা দিৱস উদযাপন

By

Published : Jun 21, 2023, 8:06 AM IST

thumbnail

গুৱাহাটী, 21 জুন: ৰাভা দিৱস উপলক্ষে মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় ৰাভা দিৱস ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়তো অনুষ্ঠিত কৰা হয় ৰাভা দিৱসৰ । ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাংস্কৃতিক কোষৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানৰ । 

এই অনুষ্ঠানত উপস্থিত থাকে মেয়ৰ মৃগেন শৰণীয়া, সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শৰ্মাৰ লগতে বিজেপি কৰ্মীসকল । বিজেপি নেতৃবৃন্দই এই অনুষ্ঠানত শ্ৰদ্ধাৰে সোঁৱৰে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক । আজিৰ অনুষ্ঠানতেই বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিৰ আধাৰত নৃত্য গীতৰ অনুষ্ঠান পৰিৱেশন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, ববিতা শৰ্মা, ৰুদ্ৰ জয়ন্ত ভাগৱতীৰ লগতে দলটো কেইবাগৰাকীও সংগীত শিল্পীয়ে ।

লগতে পঢ়ক :  Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.