thumbnail

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 7:10 PM IST

ETV Bharat / Videos

Quiz competition in Numaligarh: নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক অভিযান

কাজিৰঙা, ১২ নৱেম্বৰ: নুমলীগড়ৰ উপকণ্ঠ অঞ্চলৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মুকলি কুইজ আৰু বক্তৃতা অনুষ্ঠিত হয় । নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সমল ব্যক্তি প্ৰদীপ শৰ্মাই কয় যে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন বিকাশত কুইজ আৰু স্বকীয় বক্তৃতা অনুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । অঞ্চলটোৰ আঠখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই ।  

প্ৰতিযোগিতাত স্থান প্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ।‌ কুইজ পৰিচালনা কৰে শিক্ষক সঞ্জীৱ শৰ্মা আৰু আব্দুল জামালে । সমান্তৰালভাৱে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে 'ফুল ৰোও আহা' শীৰ্ষক অনুষ্ঠান ৰূপায়ণ কৰা হয় । ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰজাতিৰ ফুলৰ পুলি  টাব, বিদ্যালয় চৌহদত ৰোপণ কৰে । লগতে শাকনিবাৰীত লাই, লফা, পালেং, ধনীয়া আদিৰ বীজ চটিয়ায় ।  

ইক' আৰু য়ুথ ক্লাৱৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক ঐতিহাসিক সমলেৰে সমৃদ্ধ ঠাই পৰিদৰ্শন আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ, প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টিৰ বাবে উৎসাহিত কৰা, আৱৰ্জনা নিষ্কাষণৰ বাবে কিছুমান কৌশলৰ অনুশীলন আদি কাৰ্যসূচীও ৰূপায়ন কৰা হয় । উক্ত অনুষ্ঠানটোৰ আঁত ধৰে মৌচুমী গগৈয়ে ।

লগতে পঢ়ক:Poor Road Condition in Assam: লখিমপুৰত ৰোগীক চিকিৎসালয়লৈ নিলে ঠেলাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.