অজগৰ উদ্ধাৰ মাণিকপুৰত - Manikpur Police Station

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 23, 2022, 9:58 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

অতি সম্প্ৰতি ৰাজ্য়খনৰ বিভিন্ন ঠাইত সঘনাই উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰ ।পৃ থিৱীৰ পৰা ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা এই সৰীসৃপ বিধৰ সংখ্য়া ৰাজ্য়খনত বৃদ্ধি পোৱাটো প্ৰকৃতিক ভাৰসাম্য় ৰক্ষাৰ বাবে এক শুভ লক্ষণ বুলি গণ্য় কৰিছে প্ৰকৃতিপ্ৰেমীসকলে । ইয়াৰ মাজতেই সোমবাৰে প্ৰকাণ্ড অজগৰ এডাল উদ্ধাৰ হয় বঙাইগাঁও জিলাৰ কুশলাইগুৰীত(python rescued Kushalaiguri in Bongaigaon)। জানিব পৰা মতে, জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ(Manikpur Police Station)অন্তৰ্গত কুশলাইগুৰীত এই প্ৰকাণ্ড অজগৰডাল উদ্ধাৰ হৈছে। স্থানীয় মাছমৰীয়া এজনৰ জালত অজগৰ ডাল উদ্ধাৰ হোৱাত বন বিভাগক অৱগত কৰা হয় । স্থানীয় সচেতন যুৱক এজনে মাণিকপুৰ উপ-বন সংমণ্ডল(informed to Manikpur Sub Forest Division)বিষয়াক অৱগত কৰাত বনকৰ্মীয়ে অজগৰডাল কাৰ্যালয়লৈ আনে । পিছত মানাহ অভয়াৰণ্যস্থিত থকা এন জি অ'ক অজগৰ ডাল হস্তান্তৰ কৰাত সংগঠনটোৰ কৰ্মীয়ে অভয়াৰণ্যখনত এৰি দিয়ে বুলি কয় বন বিভাগৰ বিষয়াগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.