Artificial Flood: নিশাৰ এজাক বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গ’ল মৰাণ নগৰ - Artificial Flood in Assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-09-2023/640-480-19560426-thumbnail-16x9-dib-new-2.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 20, 2023, 3:06 PM IST
ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ : মৰাণ চহৰত আবতৰীয়া বান ৷ কৃত্ৰিম বানত হাহাকাৰ মৰাণ চহৰবাসীৰ ৷ বুধবাৰে কৃত্ৰিম বানত বুৰ গ’ল মৰাণ নগৰ দোকান-পোহাৰ আৰু একাংশ বাসগৃহ ৷ পথৰ মাজত একাঁঠু পৰ্যন্ত পানী হৈছে ৷ মঙলবাৰে নিশা হোৱা বৰষুণৰ পিচতে সৃষ্টি হয় এই অভাৱনীয় পৰিস্থিতি ৷
চৰাইদেউ জিলাৰ মৰাণ পৌৰসভাৰ অন্তৰ্গত এলেকাত নলা-নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলতে এনে পৰিস্থিতি উদ্ভৱ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ আনহাতে মৰাণ পৌৰসভাই কোনো ব্যৱস্থা নোলোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷
মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ কাষতেই থকা মৰাণ পৌৰসভাই কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব নোৱাৰৰ ফলতে কৃত্ৰিম বানত হাহাকাৰ কৰিব লগা হৈছে এই ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।
লগতে পঢ়ক :Meri Maati Mera Desh: অমৃত কলহ যাত্ৰাক লৈ সোণাৰিত বিশেষ সজাগতা সভা