Mariani water supply scheme: প্ৰহসনত পৰিণত ৩৮ কোটি টকীয়া গ্ৰেটাৰ লাহিং পানী যোগান আঁচনি - পানী যোগান আঁচনি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03-08-2023/640-480-19175097-thumbnail-16x9-salfa.jpg)
যোৰহাট, ৩ আগষ্ট: যোৰহাট জিলা অন্তৰ্গত মৰিয়নিৰ সমষ্টি চেলেংহাতত ধোঁৱাচাঙত উঠিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গ্ৰেটাৰ লাহিং পানীযোগান আঁচনি । উক্ত আঁচনিখন প্ৰহসনত পৰিণত হোৱা পৰিপেক্ষিতত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়া ৰাইজে একপ্ৰকাৰ হাহাকাৰ কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে ।
যি সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশুদ্ধ খোৱাপানীৰ বাবে জলজীৱন আঁচনিকে আদি কৰি বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰিছে সেই সময়তে একাংশ বিভাগীয় বিষয়া আৰু ঠিকাদাৰীৰ প্ৰতিষ্ঠানৰ মইমতালিৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা ৰাইজে বঞ্চিত হ'বলগীয়া হোৱা এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে । ফলত উপায়ন্তৰ হৈ মৰিয়নীৰ চেলেংহাটৰ এটা অঞ্চলৰ ৰাইজে এতিয়া জান-জুৰিৰ তথা অপৰিস্কাৰ তথা আইৰনযুক্ত পানী খাবলৈ বাধ্য হৈ পৰিছে ।
৩৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গ্ৰেটাৰ লাহিং পানী যোগান আঁচনি নিৰ্মাণ সম্পূৰ্ণ হ’ল যদিও ৰাইজ বঞ্চিত হ'ল এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা । আনহাতে গ্ৰেটাৰ লাহিঙ পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰি কোটি কোটি টকা ঠিকাদাৰে উলিয়াই নিয়ে যদিও অঞ্চলৰ ৰাইজে বঞ্চিত হ'ল বিশুদ্ধ খোৱাপানীৰ পৰা । কেতিয়া লাভ কৰিব মৰিয়নি বৃহত্তৰ অঞ্চল ৰাইজে বিশুদ্ধ খোৱাপানী, সেয়া এতিয়া প্ৰশ্নবোধক হিচাপে চিহ্নিত হৈছে ।
লগতে পঢ়ক: আমগুৰিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ ফল ভোগ কৰিছে জনতাই