Cannabis cultivation: ৰাইজে মিলি ধ্বংস কৰিলে বৃহৎ পৰিসৰৰ গাঞ্জা খেতি - Cannabis cultivation evicted at kalgachia
🎬 Watch Now: Feature Video
Published : Sep 27, 2023, 12:50 PM IST
জনিয়া, 27 ছেপ্টেম্বৰ: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ আৰক্ষী নহয় এইবাৰ গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে অভিযান ৷ অভিযাগ অনুসৰি কলগাছিয়া আমগুৰি গাঁৱত দীৰ্ঘদিন ধৰি একাংশ লোকে অবৈধভাৱে কৰি আহিছে গাঞ্জা খেতিৰ ৷
সেই অভিযোগৰ ভিত্তিত বুধবাৰে আমগুৰি গাঁৱত অভিযান চলায় ৷ শফিক খান, আব্বাছ আলী আৰু মহৰৰ ঘৰত অবৈধভাবে গাঞ্জা পুলি ৰোপণেৰে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷ খাৰবাল্লী গাঁৱৰ গাঁওবুঢ়া ছাইদুল ইছলাম আৰু গাঁওখনৰ গাঁওৰক্ষী বাহিনীয়ে উক্ত ঘৰসমূহত অভিযান চলায় ৷ অভিযানৰ সময়তে গাঞ্জা গছ কাটি তহিলং কৰে অভিযানকাৰী দলটোৱে ৷
ইফাল গাঁৱখনৰ একাংশ লোকে ঘৰে ঘৰে গাঞ্জা খেতি কৰাত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইতিৰ দৰে অসামাজিক কাৰ্য । ফলত সমগ্ৰ অঞ্চলটো তদন্ত কৰি ভাং, মদ, জুৱা আদি অসামাজিক কাম-কাজ বন্ধ কৰিবলৈ কলগাছিয়া আৰক্ষী বাহিনীক আহ্বান জনাইছে ৰাইজে ।
লগতে পঢ়ক: Barpeta district boundary issue:ঐতিহ্য সুৰক্ষাৰ স্বাৰ্থত বৰপেটাক পুনৰ খণ্ডিত নকৰিবলৈ আহ্বান