Poor road communication: অত্যাধিক বোজা কঢ়িয়াওৱা বাহনে বিধ্বস্ত কৰিছে জাঁজীমুখৰ পথ - Poor road communication
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-08-2023/640-480-19187525-thumbnail-16x9-teok-aspera.jpg)
টীয়ক, ৫ আগষ্ট: ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণৰ কামত ব্যৱহৃত গধুৰ যন্ত্ৰ পাতি কঢ়িয়াওৱা বাহনৰ লগতে দলঙৰ বাবে প্ৰয়োজনীয় বালি ,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ বাবে প্ৰয়োজন হোৱা মাটি কঢ়িয়াওৱা বাহনৰ অবাধ চলাচলে বিধ্বস্ত কৰিছে টীয়ক-জাঁজীমুখ সংযোগী পথটো । নিতৌ শ শ অত্যাধিক বোজাই কঢ়িয়াওৱা বাহনৰ চলাচলে বিধ্বস্ত কৰা এই পথটোত ইতিমধ্য়ে সংঘটিত হৈছে কেইবাটাও দূৰ্ঘটনা । আহত হৈছে কেইবাজনো চাইকেল আৰু মটৰ চাইকেল আৰোহী ।
উল্লেখযোগ্য যে জাঁজী নদীৰ মথাউৰিৰ এক অংশ যাতায়তৰ পথ হিচাপে ব্যৱহাৰ কৰি অহা অংশৰ এনে জৰাজীৰ্ণ ৰূপে নদীপৰীয়া ৰাইজলৈ বাৰিষা কালচোৱাত শংকা নমাই আনিছে । বাৰিষা নদীৰ বাঢ়নী পানীয়ে মথাউৰিটো ভাঙি পেলোৱাৰ আশংকা ব্যক্ত কৰিছে । সেয়ে শীঘ্ৰে পথটোৰ মেৰামতিৰ দাবী জনাইছে অঞ্চলবাসীয়ে ।
ইপিনে,উক্ত অসুবিধাৰ সম্পৰ্কে বহুবাৰ জিলা প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱগত কৰি আহিছে যদিও প্ৰশাসনে কেৱল পৰ্যবেক্ষণ কৰিয়েই দায়িত্ব সামৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । এই বাৰিষাৰ কালছোৱাত অতি সোনকালে পথছোৱা মেৰামতিৰ ব্যৱস্থা কৰিবলৈ পুনৰ আহ্বান জনাইছে সংগঠনটোৰ কৰ্মকৰ্তাই ।