Protest demanding cancellation of NPS: NPS বাতিল কৰি OPS বাহাল ৰখাৰ দাবীত প্ৰতিবাদ - New Pension Scheme

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:17 PM IST

নলবাৰী,২২ আগষ্ট: "এক দেশ এক মাটি পুৰণি পেন্সন আমাৰ দাবী" - পুৰণি পেন্সন নীতি বাহাল ৰকাৰ দাবীৰে মঙলবাৰে ৰাজ্যজুৰি কৰ্মচাৰীসকলে পালন কৰে কৰ্মবিৰতি । নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীৰে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো NPS কৰ্মচাৰীসকলে পালন কৰে কৰ্মবিৰতি ।  

নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰীসকলে মহাবিদ্যালয়ৰ চৌহদত কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হয় । এক দেশ এক মাটি পুৰণি পেন্সন আমাৰ দাবী, পুৰণি পেন্সন বাহাল ৰাখক, নতুন পেন্সন নীতি বাতিল কৰক আদি শ্ল'গান দি বিভিন্ন প্লে-কাৰ্ড লৈ কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হয় মহাবিদ্যালয়খনৰ শিক্ষক গোটে ।  

উল্লেখযোগ্য যে নতুন পেন্সন নীতিয়ে অৱসৰী কৰ্মচাৰী সকলক আৰ্থিকভাৱে নিৰাপত্তা নিশ্চিত নকৰে বুলি কয় বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে । অৱসৰ লোৱা কৰ্মচাৰীসকলক মৰ্যাদাৰে জীয়াই থকাৰ বাবে আৰ্থিক নিৰাপত্তা দিয়াৰ বাবে চৰকাৰক আহ্বান জনাই মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে । 

লগতে পঢ়ক: Mahindra Thar: কৰিমগঞ্জত বিলাসী মহিন্দ্ৰা থাৰেৰে হাল বালে যুৱকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.