দৰমহা বৃদ্ধিৰ দাবীত প্ৰতিবাদত বাহিল মৰাণ হিংৰিজান চাহ বাগিচাৰ উপ-কৰ্মচাৰী সকল - মৰাণ হিংৰিজান চাহ বাগিচা
🎬 Watch Now: Feature Video
ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে যদিও আজিও নানানটা সমস্যাত জৰ্জৰিত হৈ আছে চাহ বাগিচাৰ শ্ৰমিকসকল । শেহতীয়াকৈ চাহ বাগিচাত দৈনিক কাম কৰা শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে শ্ৰমিক সকলক আনন্দিত হোৱা পৰিলক্ষিত হৈছিল যদিও চাহ বাগিচাত কাম কৰা উপ-কৰ্মচাৰী সকলৰ দৰমহা আজিও বৃদ্ধি নহ'ল । লগতে উপ-কৰ্মচাৰী সকলে পাব লগা বোনাচ চৰকাৰে মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে চাহ বাগিচাৰ শ্ৰমিকসকলে । ইয়াৰ পিছতে শুকুৰবাৰে উপ- কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰা আৰু পাবলগীয়া বোনাচ মোকলাই দিয়াৰ দাবীত আজি মৰাণ হিংৰিজান চাহ বাগিচাত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Protest staged demanding wage hike) । অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিচা খনৰ উপ-কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দৰমহা বৃদ্ধি কৰা আৰু বোনাচ মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনায় (Protest staged by Tea garden workers) ।
Last Updated : Feb 3, 2023, 8:27 PM IST