Protest in silsako beel: উচ্ছেদিতৰ প্ৰতিবাদত উত্তাল শিলসাঁকো; মুখ্যমন্ত্ৰী, জি এম ডি এ ৰ অধ্যক্ষৰ জুমুঠি দাহ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 27, 2023, 3:03 PM IST

গুৱাহাটী, 24 জুলাই : শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ দাবী তুলি বৃহস্পতিবাৰেও শিলসাঁকোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংহল, জি এম ডী এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীত শিলসাঁকোৰ উচ্ছেদিত প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ জয় আই অসম, আমাৰ মাটি আমাৰ অধিকাৰ, হিমন্ত ৰাজ নচলিব, অশোক সিংহাল গ’ বেক, নাৰায়ণ ডেকা মূৰ্দাবাদ, আমাক পুনৰ সংস্থাপন লাগিবই, থলুৱা বিৰোধী বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি-শ্লোগানেৰে শিলসাঁকোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অনাগত দিনত প্ৰশাসনে শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান চলালে শিলসাঁকোৰ ৰাইজে উচ্ছেদ বন্ধ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদস্থলীৰ পৰা ৷

লগতে পঢ়ক : Protest in Dibrugarh: গোলাঘাটৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.