গোলাঘাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ - কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 26, 2022, 11:00 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

গোলাঘাটৰ কমাৰগাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ (Protest by Contractual employees of PHE) । ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাত মহকুমাৰ অবৈতনিক কৰ্মচাৰীসকল । কমাৰগাঁৱৰ পাৰঘাট পানী যোগান আঁচনিৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকল আজি সোচ্চাৰ হৈ পৰে চৰকাৰ বিৰোধী শ্ল'গানেৰে(Protest by Contractual employees of PHE in Golaghat) ৷ উল্লেখ্য যে, কৰ্মচাৰীসকলে বিনা বেতনে দীৰ্ঘদিন কাম কৰি অহাৰ পাছত হঠাৎ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰতিটো পানী যোগান আঁচনিৰ অধীনত একোখনকৈ উপভোক্তা সমিতি গঠন কৰি সেই সমিতিখনৰ অধীনত অবৈতনিক কৰ্মচাৰীসকলক নিযুক্তি দিব বিচৰাত জাঙুৰ খাই উঠিছে এই সকল কৰ্মচাৰী । ফলত কমাৰগাঁৱৰ পাৰঘাট পানী যোগান আঁচনিত বোকাখাত মহকুমাৰ অবৈতনিক কৰ্মচাৰীসকল একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিভাগীয় মন্ত্ৰী হায় হায় ধব্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে । কৰ্মচাৰীসকলৰ দাবী শীঘ্ৰে নামানিলে অহা 2 অক্টোবৰৰ পৰা সমগ্ৰ অসমতে পানী যোগান বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীসকলে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.