বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ গ্ৰাহক, অসম গ্ৰামীণ বেংকত উত্তপ্ত পৰিস্থিতি - বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ গ্ৰাহক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16134014-thumbnail-3x2-kj.jpg)
সোণাৰিৰ লংপতীয়াৰ অসম গ্ৰামীণ বেংকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Protest at Garmin Bikash Bank of Langpatia Sonari ) ৷ বেংকৰ শাখা পৰিচালকে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ সোণাৰিৰ লংপতীয়াৰ অসম গ্ৰামীণ বেংক শাখা পৰিচালক বিষ্ণু হাজৰিকাই সততে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰে গ্ৰাহক ৰাইজে ৷ প্ৰতিবাদী দল সংগঠনে পৰিচালক জনক নিলম্বনৰ দাবীত বেংকৰ শাখাৰ সন্মুখত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷ অভিযোগ অনুসৰি বেংকটোৰ শাখা পৰিচালক গৰাকীয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে গ্ৰাহকৰ সমস্যাৰ কথা অলপো গুৰুত্ব নিদিয়ে বুলি অভিযোগ উত্থাপন কৰে গ্ৰাহক ৰাইজে ৷ পৰিচালকগৰাকীয়ে এই অভিযোগ নস্যাৎ কৰি কয় যে তেওঁ কাবো লগত বেয়া ব্যৱহাৰ কৰা নাই, তেওঁ প্ৰতিগৰাকী গ্ৰাহকক ভালদৰেই ব্যৱহাৰ কৰি আহিছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST