Protest in Dibrugarh: মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড়
🎬 Watch Now: Feature Video
মৰাণ, ৪ মাৰ্চ: ৰাজ্য়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ হৈছে ৰাইজ (Price hike in Assam)। সেয়েহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ডিব্ৰুগড়ৰ সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনে । চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত তাৰ বিপৰীত ছবি এখনহে প্ৰতিফলিত হৈছে । কিয়নো খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সমান্তৰাল ভাৱে প্ৰতি মাহতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি হোৱাত এতিয়া বিপাঙত পৰিছে সৰ্বসাধাৰণ ৰাইজ ।
শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্রেছৰ (Assam Pradesh Mahila Congress) আহ্বানত ডিব্ৰুগড় জিলা মহিলা কংগ্ৰেছে ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড় থানা চাৰিআলিত প্ৰতিবাদত সাব্যস্ত কৰে (Congress protest in Dibrugarh) ।
প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি নৰেন্দ্ৰ মোডী গ' বেক, প্ৰশান্ত ফুকন মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গান দি ডিব্ৰুগড়ৰ আকাশ-বতাহ কঁপাই তোলে । আনহাতে, চহৰখনৰ চৌকিডিঙি চাৰিআলিৰ সমীপৰ জিৰণি চ’ৰাত আপে ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
লগতে পঢ়ক:Book distribution program: মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিয়ে মোক হহুৱালে- শিক্ষামন্ত্ৰী