যোৰহাট : শনিবাৰে ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব । ইতিমধ্যে নিৰ্বাচনৰ ফলাফলক লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰতিটো দল তথা প্ৰাৰ্থীয়ে জয়-পৰাজয়ৰ অংক কৰাত ব্যস্ত হৈ পৰিছে । অৱশ্যে অংক যিমানেই নকৰক কিয়, অন্তিম ফলাফলৰ বাবে আৰু কেইঘণ্টামান অপেক্ষা কৰিব লাগিব ।
ইফালে ফলাফলৰ আগমুহূৰ্তত যোৰহাটত উপস্থিত হৈ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই উপ-নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । অসম বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "৫খন আসনৰ ভিতৰত আমি এখন আসন আগৰ পৰাই আশা কৰা নাই । সেইখন আসন কোনখন হয় সেয়া সকলোৱে জানে আৰু ফলাফল ওলালে সেই আসনখনৰ কথা জানিব ।"
তেওঁ লগতে কয়, "শাসকীয় পক্ষই চাৰিখন আসনত সাধাৰণতে বিনাযুদ্ধে জয়লাভ কৰে । কিন্তু এইবাৰ আমি তুমুল প্ৰত্যাহ্বান জনাইছোঁ আৰু ৱাক-অ'ভাৰ দিয়া ন'হব । কাৰণ স্মাৰ্ট মিটাৰ, মূল্যবৃদ্ধি আৰু বসুন্ধৰা আদিয়ে ৰাইজক হাৰশাস্তি কৰিছে । সেয়েহে জনসাধাৰণে ইয়াৰ উচিত প্ৰতুত্ত্যৰ দিব ।"
আনহাতে, চামগুৰিৰ উপ-নিৰ্বাচন সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, "এইবাৰ চামগুৰি উপ-নিৰ্বাচনত ব্যাপক হাৰত ৰিগিং হৈছে । বিজেপিয়ে শেষনিশাৰ খেল আৰম্ভ কৰিছিল বুলি আমি নুই কৰিব নোৱাৰো ।"
২০২৬ৰ নিৰ্বাচন সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, "৫টা সমষ্টিত হোৱা উপ-নিৰ্বাচনে ২০২৬ৰ নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ।"
উল্লেখ্য যে শুকুৰবাৰে ৰে'লেৰে যাত্ৰা কৰি যোৰহাটত উপস্থিত হয় দেৱব্ৰত শইকীয়া । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "অসমত চলা ৰাজধানী ৰে'লত পইতাচোৰা ওলায় । কিন্তু বাহিৰৰ ৰাজধানী ৰে'লবোৰ নতুন, দবাবোৰো নতুন । অসমত চলা ট্ৰেইনসমূহৰ অৱস্থা তথৈবচ ।
অৱশ্যে পাঁচটা সমষ্টিৰ ভিতৰত ৪টা সমষ্টিত কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা থকা বুলি দেৱব্ৰত শইকীয়াই দাবী কৰিলেও এয়া কিমান সত্য হ'ব সেয়া শনিবাৰেহে ওলাই পৰিব ।