Public Protest Against MLA: বিধায়ক অতুল বৰা মুর্দাবাদ ধ্বনিৰে ৰাইজৰ উত্তাল প্ৰতিবাদ - Public Protest
🎬 Watch Now: Feature Video
গুৱাহাটী,17 জুন: গুৱাহাটী মহানগৰীৰ নাৰেঙ্গী সংযোগী বোন্দা-চপাইদাং পথৰ দুৰৱস্থাই যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাইছে স্থানীয় ৰাইজক । সংশ্লিষ্ট বিভাগে দীৰ্ঘদিন ধৰি এই পথটো মেৰামতি নকৰা বাবে এজাক বৰষুণতে পথটোৰ মাজত একাঠু পানীৰে উপচি পৰে । ফলত পথচাৰীসকলে বিপদ সংকুল ভাবে যাতায়ত কৰিবলগীয়া হয় । ইফালে চলিত বৰ্ষৰ জানুৱাৰী মাহত দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এই পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল আৰু কামটোৰ ঠিকা প্ৰদান কৰা হৈছিল সিদ্ধাৰ্থ বৰুৱা নামৰ ঠিকাদাৰ এজনক । 5 মাহে পথছোৱা নিৰ্মাণৰ নামত কেৱল কিছু ড্ৰেইনৰ কাম কৰাৰ লগতে পুৰণি কালভাৰ্টকে নতুনকৈ বহুৱাই ৰাইজক ঠিকাদাৰ পক্ষই আভুৱা ভাৰি দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ । পানীখাইতি গাঁও পঞ্চায়তৰ অন্তৰ্গত হোৱা হেতুকে পঞ্চায়ত প্ৰতিনিধিক ৰাইজে পথচোৱা মেৰামতিৰ বাবে বাৰম্বাৰ অনুৰোধ কৰাৰ পিচতো খবৰ লবলৈ আহৰি নাই পঞ্চায়ত প্ৰতিনিধিৰ ৷ সেয়ে জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে ৷
লগতে পঢ়ক:Guwahati double murder: নুনমাটিৰ ডাবল মাৰ্ডাৰ ঘটনা, বন্দনা কলিতা আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ