শিৱসাগৰত ৰেইলৱে কলনিত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ - Raijar dal protest in Sivasagar
🎬 Watch Now: Feature Video
শিৱসাগৰৰ ৰেইল বিভাগৰ উচ্ছেদৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ জনালে ক্ষুব্ধ ৰাইজৰ লগতে দল-সংগঠনে(Protests against railways eviction in Sivasagar)। জিলা প্ৰশাসনৰ সহযোগত ৰেইলৱে বিভাগে চলাব লগীয়া উচ্ছেদ অভিযানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজৰ দল(Raijar dal protest in Sivasagar),কৃষক মুক্তি আৰু ছাত্র মুক্তি । শিৱসাগৰ ৰেল ষ্টেচনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে এই দল-সংগঠন কেইটাৰ লগতে ৭০ টাৰো অধিক পৰিয়ালে । কেইবা দশক ধৰি ৰেইলৱেৰ ভূমিত বসবাস কৰি অহা পৰিয়ালসমূহে উচ্ছেদৰ জাননী লাভৰ পিছতে সাব্যস্ত কৰে প্ৰতিবাদ । শিৱসাগৰ কৃষক মুক্তি, ৰাইজৰ দলৰ নেতৃত্বত পুনৰ সংস্থাপনৰ বাবে দুমাহ সময় বিচাৰিছিল যদিও সেই সময় নিদি ৩০ আগষ্টত উচ্ছেদ চলাব বুলি জাননী প্ৰেৰণ কৰে ৰেইলৱেই । উচ্ছেদৰ সমান্তৰালকৈ চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে ঘৰ ভাঙিবলৈ দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে এই পৰিয়ালসমূহে ।
Last Updated : Feb 3, 2023, 8:27 PM IST