thumbnail

By

Published : Aug 15, 2023, 10:08 AM IST

ETV Bharat / Videos

Cough Syrup Seized at Nagaon: কোৰিয়াৰ ছাৰ্ভিছত নগাঁৱলৈ আহিল নিষিদ্ধ কফ চিৰাপ

নগাঁও,15 আগষ্ট: স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নগাঁৱত কাৰ্টুনে কাৰ্টুনে জব্দ নিচাজাতীয় ঔষধ । সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ ৷ চণ্ডীগড়ৰ পৰা কোৰিয়াৰ ছাৰ্ভিছ যোগে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ নিচাজাতীয় নিষিদ্ধ কফ চিৰাপখিনি । 

১৫ টা কাৰ্টনত চণ্ডীগড়ৰ পৰা সৰবৰাহ কৰিছিল নিচাজাতীয় দ্ৰৱ্যখিনি । টাহছেন আহমেদ নামৰ এজন ব্যক্তিয়ে কোৰিয়াৰ ছাৰ্ভিছৰ দ্বাৰা সৰবৰাহ কৰিছিল নিচাজাতীয় দ্ৰৱ্যখিনি । নগাঁৱৰ চেফ এক্সপ্ৰেছ নামৰ এটা কোৰিয়াৰ ছাৰ্ভিছৰ গুদামৰ পৰা ধিং গেটলৈ সৰবৰাহ কৰা সময়তে নগাঁও আৰক্ষীয়ে জব্দ কৰিছে ১৫ টাকৈ নিচাযুক্ত কফ চিৰাপৰ কাৰ্টন । লগতে AS 02 S 3324 নম্বৰৰ এখন বাহনো জব্দ কৰে আৰক্ষীয়ে । এই ঘটনাৰ লগত আৰু কোন জড়িত আছে উচিত তদন্তৰ পাচতে পোহৰলৈ আহিব ৷ 

লগতে পঢ়ক:Rangia dead body recover case: মাতৃ-কন্যাৰ মৃত্যুক পৰিকল্পিত আত্মহত্যা বুলি সদৰী ধৃত প্ৰবীণৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.