thumbnail

Guwahati AIIMS: ৰাইজৰ সেৱাৰ বাবে ১৫০ খন বিছনাৰে সাজু AIIMS

By

Published : Apr 13, 2023, 9:59 AM IST

গুৱাহাটী, ১৩ এপ্ৰিল: ৰাইজৰ সেৱাৰ বাবে ১৫০ খন বিছনাৰে সাজু কৰি তোলা হৈছে গুৱাহাটী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (Guwahati AIIMS)। ১৮৯.২০ একৰ মাটিকালিত নিৰ্মিত গুৱাহাটী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখনৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে ৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব গুৱাহাটী আয়ুৰৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS Guwahati inaugurated on 14th April 2023)। এই বিষয়ে সদৰী কৰিছে গুৱাহাটী আয়ুৰৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক অশোক পুৰাণীয়ে (Director of Guwahati AIIMS )। বুধবাৰে গুৱাহাটীত আয়োজন কৰা এক সংবাদমেলত আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালকগৰাকীয়ে এই বিষয়ে সদৰী কৰে (Press conference of AIIMS)।

তেওঁ কয়ে বৰ্তমান আৰম্ভ হৈ থকা বহিঃবিভাগত নিতৌ ১৫০ গৰাকী ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে । গুৱাহাটী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ৩ বছৰ পাচত ১০০ শতাংশ সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য় কৰে প্ৰতিষ্ঠানখনৰ সঞ্চালক অশোক পুৰাণীয়ে । ইতিমধ্যে ৭৫ গৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা প্ৰদান কৰি আছে ।

বৰ্তমান ১৯৯ গৰাকী MBBS শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰি থকাৰ লগতে ১২৫ নাৰ্ছিং বিষয়া,৭৮ গৰাকী  ফেকাল্টী আৰু ১২ গৰাকী জ্য়েষ্ঠ ৰেচিডেন্ট চিকিৎসকে প্ৰদান কৰি আছে শিক্ষা তথা সেৱা । তেওঁ পুনৰ কয় যে অসমকে ধৰি নগালেণ্ড ,অৰুণাচল ,মেঘালয় ,মিজোৰাম আৰু মণিপুৰৰ ৰোগীসকলে গুৱাহাটী আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা উপকৃত হ'ব।

লগতে পঢ়ক:Bihu world record: মেট্ৰোপলিটান ট্ৰেন্সপোৰ্ট এছ'চিয়েশ্য়নৰে তীব্ৰ সংঘাত চিটি বাছচালকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.