Raas Mahotsava: গোলাঘাটৰ আধাৰসত্ৰত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন - Raas Mahotsava to be held at Aradhar satra
🎬 Watch Now: Feature Video


Published : Nov 12, 2023, 6:50 PM IST
গোলাঘাট, 12 নৱেম্বৰ : সমাগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন স্থানত তুংগত উঠিছে ৰাস উদযাপনৰ প্ৰস্তুতি । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে গোলাঘাটৰ জিলাৰ গ্ৰাম্যাঞ্চলৰ বিভিন্ন প্ৰান্তত ৰাস উদযাপনৰ প্ৰস্তুতি চলিছে । দেওবাৰে গোলাঘাটৰ আধাৰসত্ৰত পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লাই খুঁটা স্থাপন কৰে । ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে গাঁওবাসীয়ে স্থাপন কৰে ৰাসৰ লাই খুঁটা ৷
উল্লেখ্য যে, আধাৰসত্ৰ গাঁৱৰ ৰাইজে সুদীৰ্ঘ 17 বছৰ বিৰতিৰ পিচত এইবাৰ উদযাপন কৰিছে ৰাস । আধাৰসত্ৰত পৰম্পৰা অনুসৰি, ব্ৰজাৱলী ভাষাত ৰাস ৰূপায়ণ হ’ব ৷ গোলাঘাট জিলাৰ আটাইতকৈ পুৰণি এই ৰাসখনৰ বাবে ইতিমধ্যে আখৰাত ব্যস্ত হৈ আছে যুৱক-যুৱতী আৰু শিশুসকল ৷ 26 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ।
লগতে পঢ়ক: Diwali 2023: দীপাৱলী উপলক্ষে মহানগৰীত উভৈনদী কলপুলি